গুৱাহাটী, ৭ জানুৱাৰীঃদেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত অধিক ভয়াৱহ হৈ পৰিছে ক’ভিড সংখ্যা । বিগত কিছুদিনৰ তুলনাত পুনৰ ক’ভিডৰ অস্বাভাৱিক বৃদ্ধিয়ে চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক।অসমত নতুনকৈ ৮৪৪ জনৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰিছে আৰু ইয়াৰে ৩৬৯ গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ। ক’ভিডত আজিৰ দিনটোত দুজন লোকৰ মৃত্যু হয়। বুধবাৰে কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ২৭৯ গৰাকী।
বুধবাৰৰ তুলনাত এতিয়ালৈ আক্ৰান্তৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে।বিগত তিনি-চাৰিদিনত অসমৰ লগতে কামৰূপ মহানগৰ জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যত ক’ভিড আক্ৰান্তৰ নিয়ন্ত্ৰণৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।