ৰাজ্যত লোকসভাত নিৰ্বাচন শেষ হোৱাৰ পিছতেই এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক। সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শুনি মূৰে কপালে হাত দিছে সাধাৰণ জনতাই। পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত দুগুন বৃদ্ধি পাইছে মাংস, কণীৰো মূল্য। একাংশৰ আকৌ অভিযোগ নিৰ্বাচনৰ পাছতে বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ মূল্য।
গুৱাহাটী, ডিব্ৰুগড়, গোলাঘাট, নলবাৰী, বৰপেটাকে ধৰি ভিন্ন প্ৰান্তত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সন্থাৰ নেতৃত্বই যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰ হায় হায়, যোগান বিভাগ হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লো’ গানেৰে উত্তাল কৰি তুলিলে ৰাজ্যৰ ৰাজপথ। চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়- আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে। আলু, পিয়াঁজ, খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই দাম। সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণ দুৰ্বিসহ হৈ পৰিছে। এইবোৰ দেখি শুনিও অসম চৰকাৰ নিৰ্বিকাৰ, নিৰ্লিপ্ত। বিয়াগোম যোগান বিভাগটো অস্তিত্বহীন হৈ পৰিছে। অসম চৰকাৰখন অকৰ্মণ্য বুলি প্ৰতিষ্ঠা হৈছে। বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই। ছাত্ৰ সন্থাৰ স্পষ্ট দাবী সৰ্বসাধাৰণৰ জনসাধাৰণক জৰ্জৰিত কৰা মূল্যবৃদ্ধি ৰোধ হ’বই লাগিব। অন্যথা মূল্যবৃদ্ধি আৰু এই বিষয়ত অসম চৰকাৰৰ নিৰ্লিপ্ততা, অকৰ্মণ্যতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব।