যিমান চেষ্টা কৰিলেও অসমত AAP নাহেঃ মন্ত্ৰী যোগেন মোহন

Share
ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে এইবাৰ অসমত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। জিলাই জিলাই আপে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী। ডিব্ৰুগড় জিলাৰ মৰাণত দেওবাৰে অনুষ্ঠিত হয় আপত বৃহৎ যোগদান কাৰ্যসূচী।
আপৰ শেহতীয়া কাৰ্যকলাপক লৈ সোমবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে কয় যে, যিমান  চেষ্টা কৰিলেও অসমত আপ নাহে। ৰাইজে কংগ্ৰেছত থাকি আমনি পাইছে সেয়ে এতিয়া কিছুলোক আপলৈ আহিছে। দল কৰাৰ অধিকাৰ সকলোৰে আছে । বিজেপি এতিয়া শক্তিশালী ৰূপত আছে কাৰণে বিজেপিয়ে ৰাইজৰ বাবে কাম কৰিছে। আনহাতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত চিবিআইয়ে অভিযান চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীজনে কয়, কেইদিনমান পিছতে আপক লৈ ৰাইজৰ আস্থা নোহোৱা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *