অপৰাধ নিবাৰক শাখাৰ জালত আপৰ নেতা সুশান্ত কুমাৰ নাথ। দলটোৰ মুখপাত্ৰ ৰূপে দায়িত্বৰত নাথে সৰুসজাইত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা বিহু অনুষ্ঠানত ‘অসমীয়াই অসমীয়াৰ বিহু চাবলৈ টিকট কটা কথাটো গীনিজ বুকত স্থান পাব লাগে’ বুলি মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰে।
ইতিমধ্যে অপৰাধ নিবাৰক শাখাই জেৰা চলাই আছে আপ নেতা সুশান্ত কুমাৰ নাথক। সন্ধিয়া প্ৰায় ৫ মান বজাত মহানগৰীৰ ৰাজগড়ৰ পৰা আটক কৰা হৈছে আপৰ নেতা সুশান্ত কুমাৰ নাথক। উল্লেখ্য যে আপৰ এটা সঁজাতী দল উপস্থিত হৈছে অপৰাধ নিবাৰক শাখাৰ কাৰ্য্যালয়ত । গ্ৰেপ্তাৰ হোৱা আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথক বিনাচৰ্তে মুক্তিৰ দাবীত আপ অসমৰ নেতা-কৰ্মীসকলে পানবজাৰ থানাৰ সন্মুখত ধৰ্ণাত বহে। সেই সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে আপৰ ৰাজ্যিক মুখ্যপাত্ৰ অনুৰূপা ডেকাৰজা নিজৰ মত পোষণ কৰে।