আপৰ তিনিজনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা

Share

গুৱাহাটী,৯ জানুৱাৰীঃসমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন।নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ নাম।আপে নিজাকৈ ঘোষণা কৰিলে লোকসভা প্ৰাৰ্থীৰ নাম।তিনিটা লোকসভা সমষ্টিত নিৰ্বাচন খেলিব আপে।এতিয়া প্ৰশ্ন উঠিছে ফাঁট মেলিছে নেকি বিৰোধী ইণ্ডি মৰ্চা  মিত্ৰজোঁটত।৮ফেব্ৰুৱাৰীত ডিব্ৰুগড়,তেজপুৰ,গুৱাহাটীত ৩খন লোকসভা আসনত আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ নাম।৫ফেব্ৰুৱাৰীত আপৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত পিছতে ৮ ফেব্ৰুৱাৰীত তিনিজনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে আম আদমি পাৰ্টিয়ে।জানিব পৰা মতে ডিব্ৰুগড়ত মনোজ ধানোৱাৰ,তেজপুৰত ঋষিৰাজ কৌণ্ডিণ্য আৰু গুৱাহাটীত আপ অসমৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীক নিৰ্বাচিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *