সংগ্ৰাম,অধ্যৱসায়,আশা আৰু মানৱতাৰ নিদৰ্শন দেখুওৱালে এজন যুৱকে যুৱক জনৰ উচ্চতা মাত্ৰ ৩ফুট , নাম ডাঃ গনেশ বাৰীয়া হয় আমি আলোচনা কৰিব বিচাৰিছো এটা সাধাৰণ কৃষক পৰিয়ালৰ এজন যুৱকৰ কথা। কঠোৰ সংগ্ৰাম ,অধ্যৱসায়,আশাৰ ফল পাবলৈ সক্ষম হল গুজৰাটৰ গনেশ বাৰীয়াই। শাৰীৰিক উচ্চতা কম হলেও ডাঃ বাৰীয়াৰ মন আৰু শক্তিয়ে সমাজত এক ডাঙৰ উচ্চতাৰ পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মানুহৰ উচ্চতাই যে মানুহৰ পৰিচয় নহয় তাৰ উদাহৰণ দিলে গনেশ বাৰীয়াই।প্ৰতিবন্ধকতাক নেওচি চিকিৎসক হ’ল গনেশ বাৰীয়া ।পাঁছ বছৰ বয়সত চাকাৰ্ছে ৫ লাখ টকাৰ বিনিময়ত কিনিব বিচাৰিছিল গনেশ বাৰীয়াক। কিন্তু পিতৃ মাতৃয়ে বিক্ৰী নকৰি গনেশ বাৰীয়াক বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল। আৰু ২০১৮চনত প্ৰতিবন্ধী কোটাত NEET পৰীক্ষাত উত্তীৰ্ণ হৈছিল গণেশ বাৰীয়া। কিন্তু শাৰীৰিক উচ্চতাৰ কম হোৱাৰ বাবে MBBSত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা হৈছিল গনেশ বাৰীয়াক। ভাৰতীয় চিকিৎসা পৰিষদৰ এই সিদ্ধান্ত বিৰোদ্ধে গুজৰাটৰ উচ্চ ন্যায়লয়ৰ কাষ চাপিছিল গনেশ বাৰীয়া ,কিন্তু চিকিৎসা পৰিষদৰ সিদ্ধান্তকে সহমত দিয়ে উচ্চ ন্যায়ালয়ে যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ল গনেশ। মানসিক ভাৱে ভাগি পৰা গনেশক ৰায় দান দিয়ে উচ্চতম ন্যায়লয়ে। ৰায় দান লাভ কৰি ভৱনগৰ চিকিৎসা মহাবিদ্যালয়ত ২০১৯ত MBBSত নামভৰ্তি কৰে MBBS পঢ়া শেষ কৰি ২৭নৱেম্বৰ দিনটোত তেখেতে ভৱনগৰ চিকিৎসালয়ত মেডিকেল অফিচাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।মানুহৰ উচ্চতা এটাই মানুহৰ পৰিচয় নহয়।মনত থকা শক্তি, সাহস আৰু অধ্যৱসায়েই তেওঁক সফল কৰি তোলে।শাৰীৰিক উচ্চতা কম হলেও মন, শক্তি আৰু দায়িত্ববোধে এতিয়া সমাজত এক ডাঙৰ পৰিচয় দিলে গনেশ বাৰীয়াক।চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰাৰ সময়ত অনেক উপহাস, বহু বেয়া দৃষ্টিভংগী আৰু পথত থকা বাধাকো নেওচি চিকিৎসক হোৱাটোৱেই লক্ষ্যই আছিল তেওঁৰ একমাত্ৰ জীৱনৰ দিশ। সপোনৰ পম খেদি আজি গনেশ বাৰীয়া হল ডাঃ গনেশ বাৰীয়া।