অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট কবি, সাহিত্যিক তথা অসমীয়া চলচিত্ৰ জগতৰ অভিনেত্ৰী গীতালি বৰুৱা আৰু নাই।মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে।গীতালি বৰুৱাই অসম সাহিত্য সভাৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।হৃদৰোগৰ সৈতে আক্ৰান্ত হৈ আছিল ৬৪ বৰ্ষীয় কবি,সাহিত্যিক গীতালি বৰুৱা।উল্লেখযোগ্য যে গীতালি বৰুৱাই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন বঁটাৰে সন্মানিত কৰিছে।অসম সাহিত্য সভাই ২০১২ চনত সমাবৃত নামৰ গ্ৰন্থ সংকলনৰ বাবে তেওঁক প্ৰদান কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা,ইয়াৰোপৰিও ২০০৯ চনত মাইকেল মধুসুদন বঁটা,অসম সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত আছিল গীতালি বৰুৱা।ডাঃএ কে বৰুৱা ক্লিনিক আৰু থাপনা মেডিকেলৰ চি ই অ আছিল।ইয়াৰোপৰিও গীতালি বৰুৱাই কেইবাখনো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে।তেওঁৰ কাব্যগ্ৰন্থ সংকলনবোৰ হৈছে ক্ৰমে একুৰি অনুভূতি,গীতালি বৰুৱাৰ অনুভৱ,এবকু অনুকম্পা,যৌৱনৰ প্ৰেমৰ স্বপ্ন,পাহৰো আহা,অদৃশ্য ডাকোৱাল ইত্যাদিবোৰ।আনহাতে তেওঁ ৰচনা কৰা কেইখনমান উপন্যাস হ’ল-ত্ৰিপত্ৰ,অযুগ্ম সংখ্যা,মায়াময়,মৌজাল ইত্যাদিবোৰ।ইয়াৰ লগতে তেওঁ দীনেশ গগৈৰ অসমীয়া কথাছবি সংঘাতত তেওঁ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।ইয়াৰ পিছতেই তেওঁ হিটলিষ্ট নামৰ কথাছবিতো অভিনয় কৰে।তদুপৰি গীতালি বৰুৱাই মানুহে মানুহৰ বাবে,সপোন সপোন উন্মনা মন ইত্যাদিবোৰতো তেওঁ অভিনয় কৰিছিল।