যান-বাহনৰ চালকসকললৈ এক কঠোৰ নিৰ্দেশনা

Share

 যান-বাহন থকা চালকসকললৈ পৰিবহন বিভাগৰ এক জৰুৰী নিৰ্দেশনা ৷ কৰ পৰিশোধ কৰিব নোৱাৰিলে পৰিবহন বিভাগে জব্দ কৰিব বাহন ৷ ১০ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অব্যাহত থাকিব পৰিবহন বিভাগে দিয়া এই নিৰ্দেশনা ৷ ৩১ মাৰ্চৰ ভিতৰত পৰিশোধ কৰিব লাগিব বাহনৰ সম্পূৰ্ণ কৰ ৷ ইতিমধ্যে ৰাজপথত পৰিবহন বিভাগে আৰম্ভ কৰিছে অভিযান ৷ যদি কোনো ব্যক্তিয়ে  নথি-পত্ৰ নোহোৱাকৈ ৰাজপথত বাহন  চলাইছে তেতিয়া হ’লে জব্দ কৰা হ’ব বাহন ৷ যান-বাহনৰ আইন উলংঘা কৰা চালকসকললৈ  লক্ষ্য কৰি পৰিবহন বিভাগে লৈছে এই কঠোৰ ব্যৱস্থা ৷ ৩১ মাৰ্চৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব বাহনৰ  সকলো নথি-পত্ৰৰ কাম । নিৰ্দিষ্ট সময় সীমা পাৰ হ’লেই ভৰিব লাগিব বৃহ९ পৰিমাণৰ জৰিমনা ৷ যান-বাহনৰ নিয়ম ভংগ কৰিলেই যান-বাহনৰ চালকসকলে বছৰত ভৰিব লাগিব ৭,৩০০ টকাকৈ জৰিমনা ৷ গতিকে অতি সোনকালেই পৰীক্ষা কৰক বাহনৰ সকলো নথি-পত্ৰ ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *