ডিমা হাছাওৰ উমৰাংছ’ত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম।কে্ইবাখনো দেশ যেনে অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি্ৰ আৰ্হি লৈ প্ৰকৃতিক ধ্বংস নকৰাকৈয়ে নিৰ্মাণ কৰা হৈছে এই ক্ৰিকেট ষ্টেডিয়ামখন।ক্ৰিকেটৰ ডেষ্টিনেশ্যন চেণ্টাৰ হ’ব বুলি ঘোষণা কৰা হৈছে ডিমা হাছাওত নিৰ্মিত এই ক্ৰিকেট ষ্টেডিয়ামটো।
অসম ক্ৰিকেট সন্থাৰ এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন হব অহা ৫ ডিচেম্বৰত , উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।তাৰ পূৰ্বে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই পৰিদৰ্শন কৰে এই ষ্টেডিয়ামখন।তেওঁ মন্তব্য দিয়ে, “উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই উমৰাংছ’ত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৩০ বিঘা ভূমি আৱণ্টন দিছিল । ইয়াৰ পূৰ্বে ডিমা হাছাও জিলাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে হাফলঙত ভূমি বিচৰা হৈছিল কিন্তু তাত সমভূমিত একেলগে ইমান বেছি পৰিমাণৰ ভূমি নথকাৰ বাবে উমৰাংছ’ত এই স্থান বাছনি কৰিলোঁ । ৪ বছৰ পূৰ্বে ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল অসম ক্ৰিকেট সন্থাই ।”তেওঁ লগতে কয়, “বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাই এই ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা ক্ৰিকেট মেচৰ আয়োজন কৰিব । কেৱল এয়াই নহয় এই ষ্টেডিয়াম হ’ব ক্ৰিকেটৰ ‘ডেষ্টিনেশ্যন চেণ্টাৰ’ । বাহিৰৰ পৰা খেলুৱৈ আহি ইয়াতে থাকি খেলি যাব ।”
এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব ।কেৱল মূল পিটছে নহয় ইয়াৰে লগতে অনুশীলনৰ বাবেও ৫ খন অতিৰিক্ত পিটছও নিৰ্মাণ কৰা হৈছে ।বি চি চি আইৰ সচিবগৰাকীয়ে আশা প্ৰকাশ কৰি কয় যে উমৰাংছ’ৰ এই ষ্টেডিয়ামখন দেশৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ষ্টেডিয়ামসমূহৰ ভিতৰত এখন হ’ব ।আগন্তুক দিনত ইয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ পৰা ভাল খেলুৱৈ ওলাই আহিব বুলিও আশাবাদী ।