ৰাইজলৈ APDCLৰ ফালৰ পৰা এক বিশেষ জাননী

Share
আজি সকলো ৰাইজলৈ এক বিশেষ জাননী প্ৰেৰণ কৰিছে APDCL এ। সকলো ৰাইজক সম্পূৰ্ণ এঘন্টাৰ বাবে বিদ্যুৎ বন্ধ কৰিবলৈ আহ্বান জনাইছে বিদ্যুৎ বিভাগে। আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে মুঠ এঘণ্টা সময়ৰ বাবে জৰুৰীকালীন স্থান সমূহক বাদ দি সকলো বিদ্যুৎ গ্ৰাহকক অপ্ৰয়োজনীয় বিদ্যুৎ কৰ্তন কৰিবলৈ আহ্বান জনাইছে APDCL ৰ ফালৰ পৰা। 
উল্লেখ্য যে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ উদ্দেশ্যে অৰ্থাৎ বিদ্যুৎ সঞ্চাৰ কৰাৰ বাবে পালন কৰা হ’ব ধৰিত্ৰী ঘণ্টা। ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যুৎ বিভাগে । WWF INDIA ৰ আহ্বানত আজি সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ধৰিত্ৰী ঘণ্টা।

Leave a Reply

Your email address will not be published. Required fields are marked *