ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আৰু বিশেষ প্ৰস্তাৱ গ্ৰহণৰ বাবে আজি অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

Share

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আৰু বিশেষ প্ৰস্তাৱ গ্ৰহণৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন।আজি অনুষ্ঠিত হয় অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন।এই বিশেষ অধিৱেশনখন আয়োজন কৰা হৈছে কেৱল সুধাকন্ঠ ভূপেন হাজৰিকাৰ বিষয়ে।অসম বিধানসভাৰ এই বিশেষ অধিৱেশনখন পৰম্পৰাগতভাৱে থকা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱা নাই।বিশেষ নিয়মাৱলীৰ মাজেৰে বিৰোধীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ভূমিপট্টকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে বিধানসভাৰ মজিয়াত প্ৰস্তাৱ উত্থাপন কৰে।কিন্ত মূলতঃঅসম চৰকাৰে মহা আড়ম্বৰেৰে বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বিষয়হে আলোচনাৰ লক্ষ্যৰে এই অধিৱেশনখন আয়োজন কৰা হৈছে।উল্লেখ্য যে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰটো ড০ ভূপেন হাজৰিকাৰ নামত নামকৰণৰ বাবে অসম কেবিনেটৰ সিদ্ধান্তৰ পিছত অসম বিধানসভাই এই বিশেষ অধিৱেশনটে প্ৰস্তাৱ গ্ৰহণ কৰিব।এই প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব অসম চৰকাৰে।ইতিপূৰ্বে অসম চৰকাৰে সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি উদযাপনৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে।অহা ৮ ছেপ্টেম্বৰত সুধাকন্ঠৰ জন্ম শতবৰ্ষ উদযাপন আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।আনহাতে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে অসম চৰকাৰে তেওঁৰ বিষয়ে দেশৰ ২৪ টা বিভিন্ন ভাষাত গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে কাম-কাজ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *