বিহাৰত বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰে গঢ়িলে নতুন অভিলেখ

Share

২০২০ ৰ নিৰ্বাচনৰ তুলনাত বিহাৰত ২০২৫ বিধানসভা নিৰ্বাচনত বৃদ্ধি পাইছে ভোটদানৰ হাৰ।২০২০ ৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ হাৰ আছিল ৫৭.২৯ শতাংশ।এইবাৰ ৬৪.৬৬% ভোটাৰৰ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হয়।প্ৰথম পৰ্যায়ত ১২১ টা সমষ্টিৰ পৰা ১৩১৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।৩.৭৫কোটি ভোটাৰৰ ভোটত কাৰ ভাগ্য উদয় হ’ব সেইয়া ১৪ নবেম্বৰৰ ফলাফলত গম পোৱা যাব। নিৰ্বাচন আয়োগৰ তথ্য অনুযায়ী বেগুচৰাইত সৰ্বাধিক ৬৭.৩২ শতাংশ আৰু শ্বেইখপুৰাত সৰ্বনিম্ন ৫২.৩৬ শতাংশ ভোটদান ৰেকৰ্ড হৈছে।পূৰ্বতকৈ এইবাৰ বৃদ্ধি পাইছে মহিলা ভোটাৰৰ সংখ্যা।

নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা মুখ্যমন্ত্ৰী মহিলা ৰ’জগাৰ যোজনা আঁচনিৰ অধীনত মহিলা সকলে লাভ কৰিছিল ১০,০০০কৈ টকা।এই আঁচনিয়ে মহিলা ভোটদানৰ হাৰ সংখ্যা বৃদ্ধি হোৱা এটা কাৰণ হ’ব পাৰে।ৰাষ্ট্ৰীয় জনতা দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ প্ৰত্যেক ঘৰতেই চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিও কাৰণ হ’ব পাৰে ২০২৫বিধানসভা নিৰ্বাচনৰ ভোটাদানৰ হাৰ বৃদ্ধি হোৱা।অন্যহাতে প্ৰশান্ত কিশোৰৰ জন সুৰজৰ ঢৌয়ে আকৰ্ষিত কৰিছে নেকি বিহাৰৰ ভোটাৰক?

বিহাৰ বিধানসভা নিৰ্বাচনৰ মুঠ ২৪৩খন আসনৰ বিজেপিয়ে ১০১খন,JANATA DAL  য়ে ১০১খন,LOK JANSHAKTI PARTY  য়ে ২৯খন,HINDUSTANI AWAM MORCHA  য়ে ৬খন আৰু RASTRIYA LOK MORCHA য়ে ৬খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ত এন.ডি.এ.ৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰ,আনন্দ মিশ্ৰ,সম্ৰাট চৌধুৰী,মংগল পাণ্ডে,ৰেণু দেৱী,বিজয় কুমাৰ সিংহা ইত্যাদিৰ প্ৰাৰ্থীৰ ভাগ্য ই.ভি.এম.ত বন্দী হয়।

প্ৰশান্ত কিশোৰৰ জন সুৰাজে বিহাৰৰ নিৰ্বাচনত এক নতুন জোৱাৰ কঢ়িয়াই আনিছে।অন্য দলক ৰণনীতি প্ৰয়োগ কৰি আগুৱাই নিয়া এসময়ৰ ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।পূৰ্বতে প্ৰশান্তে কংগ্ৰেছ,বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।কিন্তু আন্তঃকন্দলৰ বাবে দল ত্যাগ কৰি তেখেতে জন সুৰাজ দল গঠন কৰে। প্ৰশান্ত কিশোৰে বিহাৰৰ ২০২৫ বিধানসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰজোঁট নকৰাকৈ জন সুৰাজ পৰা ২৪৩খন আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে।প্ৰশান্ত কিশোৰৰ ৰাজনীতিৰ উত্তৰণ এন.ডি.এৰ লগতে মহাগঠবন্ধনৰ সন্মুখনত প্ৰত্যাহবান হৈ থিয় দিছে।

২০২৫ চনলৈকে নিতিশ কুমাৰে ২০ বছৰে বিহাৰত মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ চলাই আছিল।এসময়ত বিহাৰত গুণ্ডাৰাজ চলোৱা পূৰ্বৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱক ৰাষ্ট্ৰীয় জনতা দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে। কিন্তু বৰ্তমানেও এন.ডি.এ.ৰ ফালৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। ২০২৫বিধানসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰি কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সেইয়া সময়ত হ’ব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *