প্ৰকট গৰমৰ বাবে দহি পুৰি মৰিছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি ৷ দিনে দিনে বাঢ়ি অহা প্ৰচণ্ড গৰমে জ্বলা- কলা খুৱাই মাৰিছে জনসাধাৰণক ৷ এই উত্তাপ বৃদ্ধি হোৱাৰ ফলতে বিভিন্ন সমস্যাই দেখা দিছে এতিয়া জনসাধৰণৰ মাজত ৷ বৰ্তমান সময়ত এই গৰমে বাধা হৈ থিয় দিছে মানুহৰ দৈনিক জীৱন যাত্ৰাত ৷ দিনে দিনে উত্তাপৰ পৰিমাণ বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখিয়ে শিক্ষা বিভাগে জাৰি কৰিলে এক নতুন নিৰ্দেশনা ৷ এতিয়াৰ সলনি কৰা হ’ব বিদ্যালয়সমূহৰ পাঠদানৰ সময়সীমা ৷ পূৰ্বৰ সময়সীমাৰ সলনি এইবাৰ নতুনকৈ নিৰ্ধাৰিত কৰা সময়সীমাত আৰম্ভ হ’ব পাঠদান প্ৰক্ৰিয়া ৷ প্ৰচণ্ড গৰমৰ বাবে এই সিদ্ধান্ত জাৰি কৰিছে শিক্ষা বিভাগে ৷ ইতিমধ্যে কামৰুপ মহানগৰৰ বিদ্যালয়সমূহত দিয়া হৈছে নতুন পাঠদানৰ সময়সীমা ৷ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান চলিব পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ ৷ মাধ্যমিক বিদ্যালয়সমূহৰ সময়সীমা হৈছে পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ ৷ আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সীমা হৈছে পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ ৷ অহা ২৭ মে’ত কাৰ্যকৰী হোৱাৰ বাবে সকলো জিলাৰ আয়ুক্ত লৈ এই নিৰ্দেশনা জাৰি কৰিলে শিক্ষা বিভাগে ৷