নিউজ ডেস্কঃ মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মহানগৰীৰ ভঙাগড়ত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ভঙাগড় উৰণীয়া সেতুৰ তলত থকা এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
যাৰ ফলত গোটেই অঞ্চলটোত ধোঁৱাৰে আৱৰি ধৰে। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নি-নিৰ্বাপক বাহিনী। জানিব পৰা অনুসৰি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।