নিউজ ডেস্কঃ মানুহ যিমানেই আধুনিক হৈছে, সিমানেই কমি আহিছে অৰণ্যৰ পৰিসৰ। হ্ৰাস পাইছে গছ-গছনি। যাৰ প্ৰভাৱ পৰিছে প্ৰকৃতিৰ ওপৰত। মানুহৰ বিলাসিতাই গৃহহাৰা কৰিছে বন্য জীৱ-জন্তু, চৰাই-চিকিকটিক। আগষ্টৰ প্ৰথম সপ্তাহত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। ঘাইপথৰ দাঁতিৰ এডাল গছ উভালি পৰাত সেই গছজোপাত আশ্ৰয় লোৱা শ শ চৰাই মুহূৰ্তৰ ভিতৰতে গৃহহাৰা হৈ পৰিছিল। সামাজিক মাধ্যমত সেই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশবিদসকল। কেৰালাৰ মালপপুৰম জিলাৰ ৰান্দাথনীৰ ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটিছিল এই ঘটনা।
এইবাৰ একেখন জিলাতে একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। এইবাৰ জিলাখনৰ তিৰুৰাংগড়ীৰ সমীপৰ ভি কে পাদীত ঘাইপথ বহল কৰিবলৈ কটা এজোপা গছৰ তলত পিষ্ট হৈ নিহত হয় অসংখ্য কৈলাঙী চৰাইৰ পোৱালি, নষ্ট হয় অসংখ্য কণী। লগতে গৃহহাৰা হৈ পৰে প্ৰজননকাৰী পৰিভ্ৰমী চৰাইৰ জাক। সামাজিক মাধ্যমত এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰাইৰ প্ৰজননৰ সময়তে এনেদৰে গছ কটা কাৰ্যক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে পৰিৱেশবিদ সকলে। কটা গছৰ তলত নিথৰ হৈ পৰি থকা কৈলাঙী চৰাইৰ কণ কণ পোৱালীবোৰে চকু সেমেকাই তোলে ওচৰত উপস্থিত সকলো ব্যক্তিৰ। ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে কেৰালা বন বিভাগে আইনী ব্যৱস্থা আৰম্ভ কৰিছে। দোষীৰ বিৰুদ্ধে ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইনৰ অনুসূচী ৪ৰ অধীনত দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।