মন্ত্ৰীগোটৰ প্ৰতিবেদন পৰীক্ষা কৰিবলৈ গঠন কৰিলে পৰামৰ্শদাতা গোট

Share

ৰাজ্যত ৬ জনগোষ্ঠী জনজাতিকৰণক লৈ হোৱা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ৩ জনীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰিব জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিটিয়ে(চি চি টি অ’ এ)তাৰ বাবে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিক লৈ এখন পৰামৰ্শদাতা গোট গঠন কৰিছে। সমিটিখনৰ অধ্যক্ষৰ দায়িত্বত আছে মানৱ অধিকাৰ কৰ্মী তথা নেচনেল ৰাইটছ হিউমেন কমিছন নামৰ সংগঠটোৰ অধ্যক্ষ সুহাম চাকমা। কালি সোমবাৰে অনুষ্ঠিত সমন্বয়ৰক্ষীৰ বৈঠকত এই সিদ্ধান্ত কৰা হয়।সমিতিৰ মুখ্য সমন্বয়ৰক্ষী আদিত্য খাখলাৰীয়ে এই কথা জানিবলৈ দিয়ে।মুঠ দহজন সদস্যৰে গঠন কৰা হৈছে সমিতিখন। সমিতিৰ আন সদস্যসকল ক্ৰমে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া কুলস্বামী লাডুৱাৰী, অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়াদ্বয় প্ৰফুল্ল কুমাৰ হাজোৱাৰী আৰু জিতেন বৰগয়াৰী, ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, প্ৰাকতন বিধাায়ক ধৰমচিং টেৰণ,কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য লগতে মুখ্য উপদেষ্টা এলউইন টেৰণ,খৰচিং টেৰণ, জ্যেষ্ঠ অধিবক্তা শব্দৰান ৰাভা,বিলাস চন্দ্ৰ দলে।উল্লেখ্য যে ছয় জনগোষ্ঠী জনজাতিকৰণক লৈ মন্ত্ৰীগোটে আগবঢ়োৱা প্ৰতিবেদন বিতংভাৱে পৰীক্ষণ কৰিব(চি চি টি অ’ এ) গঠন কৰা সমিতিখনে। ২১ ডিচেম্বৰত বিবেকানন্দ কেন্দ্ৰত এই বৈঠকত মিলিত হ’ব। জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰে গঠন কৰা পৰামৰ্শদাতা গোটৰ ২১ খন জিলাত হ’ব বৈঠক। 

Leave a Reply

Your email address will not be published. Required fields are marked *