ৰাজ্যত পুনৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ বিভীষিকা।বৰ্তমান জলমগ্ন পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো ঠাই।এজাক বৰষুণতে পুনৰ ডুবিল অভিজাত গুৱাহাটী মহানগৰী।কৃত্ৰিম বানৰ কবলত পৰিছে মহানগৰীৰ বিভিন্ন অঞ্চল।অনিল নগৰ,নবীন নগৰ,ছাৰ্ভে,বেলতলাত একঁকাল পৰ্যন্ত পানী।হাতীগাঁও,জুৰোড,ৰুক্মিণীগাঁৱৰ পথত একাঁঠু পানী।
গুৱাহাটীবাসী ৰাইজৰ বাবে বৰ্তমান কৃত্ৰিম বান তেনেই সুলভ কিয়নো এজাক নেৰানেপেৰা বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়।শ্বাসৰুদ্ধ হৈ পৰে গুৱাহাটীৰ জন-জীৱন।স্তব্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা অফিচ-কাছাৰীৰ লোকে ভুগিব লাগে নৰক সদৃশ যাতনা।কামলৈ তথা স্কুল-কলেজলৈ ওলাই অহা লোকে নানা হাৰাশাস্তি ভুগিব লগা হৈছে।
ইফালে বিকল হৈ পৰিছে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কেইবাখনো বাছ।কেইবাখনো বাছ আৱদ্ধ হৈ পৰিছে পানীৰ মাজত।ব্যাহত হৈ পৰিছে যাতায়ত।
জু-ৰোড,গুৱাহাটী প্ৰেছ ক্লাৱ, চানমাৰি, অনুৰাধা, গণেশগুৰি, হাতীগাঁও, অনিল নগৰ, নবীন নগৰ, আমবাৰীকে ধৰি ইত্যাদি বিভিন্ন স্থানত কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক।যাৰ বাবে বহু যাত্ৰী আদবাটতে ৰৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে কৃত্ৰিম বানৰ এনে ৰূপ দেখি অসহায় প্ৰশাসনে জনসাধাৰণলৈ জনাইছে আহ্বান। বিনা কাৰণত ঘৰৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে।
সমাধান ক’ত এই কৃত্ৰিম বানৰ ?কেতিয়ালৈ যমৰ যাতনা ভুগিব লাগিব গুৱাহাটীৰ ৰাইজে ?