তিনিমাহে ছীল হৈ থকা অসমৰ এখন বেংকৰ গ্ৰাহকৰ মাজত হাহাকাৰ

Share
অসম চৰকাৰৰ অধীনস্থ অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংকত এক কেলেংকাৰি সংঘটিত হৈছে। নিজৰ কষ্টোপাৰ্জিত ধন বেংকখনত জমা কৰি এতিয়া চৰম হতাশা আৰু অনিশ্চয়তাত ভুগিবলগীয়া হৈছে শোণিতপুৰ জিলাৰ  বৃহত্তৰ হেলেম অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক সাধাৰণ শ্ৰেণীৰ খাটিখোৱা গ্ৰাহকে।
 
উল্লেখযোগ্য যে, ২০২২ চনৰ ৩০ ডিচেম্বৰত অসম চৰকাৰৰ সমবায় বিভাগে অসমৰ মুঠ ২৪০ টা অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বেংক শাখা ছীল কৰি দিছিল। সেই অনুসৰি উক্ত দিনা  হেলেম শাখাটোও ছীল কৰি দিয়ে তদানীন্তন বিশ্বনাথ জিলা সমবায় বিভাগে।
প্ৰথম অৱস্থাত ১৫ দিনৰ ভিতৰত ছীল খুলি দিয়া হ’ব বুলি বিশ্বনাথ সমবায় বিভাগে উল্লেখ কৰিছিল যদিও ছীল খুলি দিয়াৰ ক্ষেত্ৰত সমবায় বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে বেংকখনৰ মূল গ্ৰাহকঃ হাজিৰা কৰা শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, গাড়ী চালক, ঠেলাৱালা আৰু ৰিক্সাৱালা আদি ৰাইজৰ মাজত। তদুপৰি শাখাটোত কৰ্মৰত ১৪ গৰাকী কৰ্মচাৰী আৰু ৮ গৰাকী এজেণ্টৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
উল্লেখযোগ্য যে, অসমৰ আন প্ৰান্তৰ দৰে ২০১৬ চনৰ ২৬ মাৰ্চত অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম বেংক শাখাটো স্থাপন কৰা হৈছিল। তেতিয়াৰে পৰা সুন্দৰ ভাবে পৰিচালিত হৈ আছিল উক্ত শাখাটো।
কোনো ধৰণৰ বিত্তীয় খেলেমেলি নথকা শাখাটো পুনৰ মুকলি কৰিবলৈ আৰু খাটিখোৱা গ্ৰাহকসকলৰ কষ্টোপাৰ্জিত ধন ঘূৰাই দিবলৈ গ্ৰাহকসকল আৰু বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজে দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *