আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক মন্দাৱস্থা হব বুলি কৰা আশংকা আৰু বিশ্ৱৰ প্ৰায় সকলো উন্নয়নশীল দেশৰে অৰ্থনীতি হ্ৰাস পাব বুলি কৰা পুৰ্বানুমানৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দশকটোৰ বাকী থকা সময়ছোৱাত ভাৰতৰ বিকাশ সন্তোষজনক হব বুলি আস্থা প্ৰকাশ কৰিছে।
এখন সমাৱেশত তেওঁ কয় যে, “মই জনো যে সমগ্ৰ বিশ্ৱৰ বিকাশৰ হাৰৰ ভৱিষ্য়তদ্বাণী সংশোধন কৰা হৈছে আৰু হ্ৰাস কৰা হৈছে। আমি আশা কৰোঁ যে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ হব ৭%। তাতোকৈও বেছি গুৰুত্বপূৰ্ণ হ’ল, মই নিশ্চিত যে দশকটোৰ বাকী থকা সময়ছোৱাত ভাৰতৰ আপেক্ষিক(ৰিলেটিভ) আৰু পৰম(এব্ছ’লিউট) বিকাশ ভাল হব।” অৱশ্য তেওঁ উল্লেখ কৰে যে আন্তৰাষ্ট্ৰীয় চাকনৈয়াৰ প্ৰভাৱৰ পৰা ভাৰতীয় অৰ্থনীতিয়ে ৰেহাই পোৱা নাই।