১১ অক্টোবৰ/ ANA নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি কৰা হৈছে চিটী বাছৰ ভাড়া। এতিয়াৰে পৰা চিটী বাছত উঠিলেই যাত্ৰীয়ে ভৰিব লাগিব নূন্যতম ১০ টকাকৈ ভাড়া। কিলোমিটাৰ হিচাপত শেহতীয়াকৈ নিৰ্ধাৰণ কৰা হৈছে যাত্ৰীৰ ভাড়া। ৫ ৰ পৰা ৯ কিলোমিটাৰ পৰ্য্যন্ত যাত্ৰীয়ে ভৰিব লাগিব ১৫ টকাকৈ, একেদৰেই ৯ ৰ পৰা ১৩ কিলোমিটাৰ পৰ্য্যন্ত যাত্ৰীয়ে বাছত উঠিলে ভৰিব লাগিব ১৮ টকাকৈ, ১৩ ৰ পৰা ১৭ কিলোমিটাৰ পৰ্য্যন্ত যাত্ৰীয়ে ভৰিব লাগিব ২২ টকাকৈ, ১৭ ৰ পৰা ২১ কিলোমিটাৰ পৰ্য্যন্ত ২৮ টকাকৈ, সেইদৰেই ২১ কিলোমিটাৰৰ পৰা ২৫ কিলোমিটাৰ পৰ্য্যন্ত যাত্ৰীয়ে ভৰিব লাগিব ৩০ টকাকৈ আৰু ২৫ কিলোমিটাৰৰ পৰা অধিক দূৰত্বত প্ৰতি কিলোমিটাৰত অতিৰিক্ত এক টকাকৈ ভৰিব লাগিব যাত্ৰীয়ে। উল্লেখ্য যে চিটী বাছৰ মালিক আৰু চালক সন্থাৰে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহন বিভাগে। যোৱা ১৪ ছেপ্তেম্বৰতে প্ৰকাশ পোৱা অধিসূচনাৰ জৰিয়তে বৃদ্ধি কৰা হৈছে চিটী বাছৰ ভাড়া। তেলৰ দাম বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে, লগতে ক’ভিডৰ সময়ত অন্য ব্যৱসায়ৰ লগতে ব্যাপকৰূপে ক্ষতিগ্ৰস্ত হৈছিল চিটীবাছৰ ব্যৱসায়। চৰকাৰৰ আহ্বান মৰ্মেও বৃদ্ধি কৰা হোৱা নাছিল চিটী বাছৰ ভাড়া।