অৱশেষত সংৰক্ষিত হ’ব গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কীৰ্তি যুগমীয়া সৃষ্টিৰাজি 

Share
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক । কেবিনেটত গ্ৰহণ কৰা হ’ল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত প্রখ্যাত লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণৰ বিশেষ পদক্ষেপ, শিশুৰ শিক্ষা সুনিশ্চিতকৰণ ,অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ পেঞ্চনাৰসকললৈ সকাহ, গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ ৰ সংশোধনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহৰ ভিতৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অন্যতম সিদ্ধান্তটোৱেই হ’ল  সংৰক্ষণ কৰা হ’ব প্রখ্যাত গোৱালপৰীয়া লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি।
পদ্মশ্রী সন্মানেৰে সন্মানিত প্রতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেই এটি সংগ্ৰহালয় গঢ়ি তোলা হ’ব। সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্ৰহণত ইতিমধ্যে অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। ব্যয় কৰা হ’ব প্রায় ১৫ কোটি টকা । এই প্রকল্পই সহায় কৰিব পূৰ্বৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ অন্তৰ্গত গেম ৰিজৰ্ট হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটনৰ বিকাশত ।

Leave a Reply

Your email address will not be published. Required fields are marked *