দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত  মুখ্যমন্ত্রীগৰাকীৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিলে এজন দলিত যুৱকৰ লগতে পৰিয়ালটোৱে

Share
মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ আমন্ত্রণ ৰক্ষা কৰিলে এজন দলিত যুৱকে।গুজৰাটৰ পৰা দিল্লীলৈ আহি অৰবিন্দ কেজৰিৱালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিলে দলিত চাফাইকৰ্মীজনৰ লগতে পৰিয়ালটোৱে । দেওবাৰে আহমেদাবাদত উপস্থিত হৈছিল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্য কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মন । অংশগ্ৰহণ কৰিছিল টাউন হলত আয়োজন কৰা ছক কাৰ্যসূচীত । অনুষ্ঠানটোৰ সময়তে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে চাফাই কৰ্মীসকলৰ সৈতে কথা-বতৰাৰ মাজতে হৰ্ষ সোলাংকী নামৰ এজন যুৱকে হঠাতে থিয় হৈ মুখ্যমন্ত্রীগৰাকীক কৈছিল- “ছাৰ, মই আপোনাক এটা অনুৰোধ জনাব বিচাৰিছোঁ। যিদৰে ১৫/২০ দিন পূৰ্বে আপুনি ইয়ালৈ আহিছিল তেতিয়া আপুনি এজন অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰিছিল। এজন দলিত সমাজৰ ঘৰলৈও আপুনি আহাৰ গ্ৰহণ কৰিব আহিবনে ছাৰ ?” তেতিয়াই মুখ্যমন্ত্রীগৰাকীয়ে দলিত যুৱকজনৰ এই নিমন্ত্রণত আপ্লুত হৈ হাঁহিমুখে উত্তৰ দিছিল মুখ্যমন্ত্রীগৰাকীয়ে -“হৰ্ষ  মই আপোনাৰ ঘৰলৈ নিশ্চয় যাম কিন্তু তাৰ আগতে  আপুনি মোৰ এটা প্রস্তাৱ মানিব লাগিব ।
আজিলৈকে কোনো নেতাই কোনো দলিতক ঘৰলৈ আহাৰ গ্ৰহণ কৰিবৰ বাবে নিমন্ত্রণ জনোৱা নাই । আপুনি মোৰ ঘৰলৈ আহিবনে আহাৰ গ্ৰহণ কৰিবনে?” তদুপৰি , মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে হৰ্ষ সোলাংকী পৰিয়ালক একেলগে মুখ্যমন্ত্রীগৰাকীৰ বাসগৃহত খাদ্য গ্ৰহণ কৰিবলৈ আমন্ত্রণ জনোৱাৰ লগতে দলিত পৰিয়ালটো দিল্লীলৈ যোৱাৰ বাবে বিমানৰ টিকটৰ ব্যৱস্থা কৰি দিয়াৰো প্রতিশ্রুতি দিয়ে অৰবিন্দ কেজৰিৱালে । আমন্ত্রণ ৰক্ষা কৰি সোমবাৰে দিনৰ ২ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হোৱাত সোলাংকী আৰু তেওঁৰ পৰিয়ালক বিমানবন্দৰতে উষ্ম আদৰণি জনায় আপৰ গুজৰাটৰ সহ-ভাৰপ্রাপ্ত ৰাঘৱ চাড্ডাই। 
বাসগৃহত উপস্থিত হৈ হৰ্ষ সোলাংকীয়ে মুখ্যমন্ত্রীগৰাকীৰ সৈতে আলিংগন কৰাৰ লগতে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক এটি উপহাৰ প্রদান কৰে আৰু হৰ্ষ সোলাংকীৰ পৰিয়াললৈও একোটিকৈ উপহাৰ প্রদান কৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ।

Leave a Reply

Your email address will not be published. Required fields are marked *