প্ৰত্যাশা ফাউণ্ডেচনৰ উদ্যোগত আছাম স্কুল অৱ পাৰফৰ্মিং আৰ্টছ মুকলি

Share
গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ প্ৰত্যাশা ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীৰ শিলপুখুৰীত আছাম স্কুল অৱ পাৰফৰ্মিং আৰ্টছ নামৰ এখন শিক্ষানুষ্ঠান ১১ ছেপ্টেম্বৰ, দেওবাৰে উদ্বোধন কৰা হয়। মূকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত মুকলি হোৱা আছাম স্কুল অৱ পাৰফৰ্মিং আৰ্টছ শিক্ষানুষ্ঠানখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ সচিব, ভূপেন হাজৰিকা ৰেজিওনেল গভর্নমেণ্ট ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক তথা চলচ্চিত্ৰ প্ৰযোজক মণিতা বৰগোহাঁয়ে।
মণিতা বৰগোহাঁইক এখনি ফুলাম গামোচা আৰু এটা ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় মিনাংক ডেকাই। শিক্ষানুষ্ঠানখনৰ লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে মিনাংক ডেকাই কয়- ‘এই শিক্ষানুষ্ঠানখনৰ অকল মূকাভিনয়ৰ বিষয়ে শিক্ষা প্ৰদান কৰাই মূল লক্ষ্য আৰু উদ্দেশ্য নহয়, শিক্ষানুষ্ঠানখনৰ যোগেদি সমাজলৈ যাতে আমি শুদ্ধ চিন্তা, সুস্থ বাৰ্তা প্ৰদান কৰিব পাৰোঁ, সেয়াই লক্ষ্য।শিক্ষানুষ্ঠানখন উদ্বোধন কৰি মণিতা বৰগোহাঁয়ে কয়- ‘গান, নৃত্য, নাটক, মূকাভিনয় আদিৰ দৰে পাৰফৰ্মিং আৰ্টছৰ খুবেই প্ৰয়োজনীয়তা আছে। সামাজিক দায়বদ্ধতা বৰ্তাই ৰাখি এই শিক্ষানুষ্ঠানখনে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। লগতে মূকাভিনয়ৰ যোগেদি সমাজলৈ ইতিবাচক বৰঙণি আগবঢ়াব বুলি মই আশাবাদী।’
অনুষ্ঠানৰ লগত সংগতি ৰাখি মিনাংক ডেকাৰ তত্বাৱধানত একাংশ মূকাভিনয় শিল্পীয়ে বান্দৰ আৰু মানুহৰ সংঘাতৰ বিষয়ত মূকাভিনয় প্ৰদৰ্শন কৰে। সভাখনৰ আঁত ধৰে প্ৰত্যাশা ফাউণ্ডেচনৰ সঞ্চালক ডঃ নীলাক্ষী কলিতাই। ডঃ নীলাক্ষী কলিতাই মিনাংক ডেকাক মূকাভিনয়ৰ উপৰি আমাৰ লোক-সংস্কৃতিৰ বিভিন্ন বিষয় সাঙুৰি শিক্ষা প্ৰদান কৰিবলৈও আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *