আজি কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Share
ডিজিটেল ডেস্কঃ আজি কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ এ ব্ল’কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ ইতিমধ্যে বিটিচি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
তদুপৰি কেবিনেট বৈঠকক লৈ বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। কেবিনেট বৈঠকৰ বাবে সোমবাৰে সন্ধিয়া ভাগত কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে  ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, অজন্তা নেওঁগ, জয়ন্তমল্ল বৰুৱা আদিকে ধৰি কেইবাগৰাকী মন্ত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *