অসমবাসীলৈ সুখবৰ! অস্কাৰলৈ যোগ্যতা অৰ্জন মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’

Share

ডিজিটেল ডেস্কঃ অসমবাসীলৈ সুখবৰ! অসমৰ সাংস্কৃতিক জগতলৈ আহিছে ভাল খবৰ। অলপতে হৈ যোৱা বাংগালুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতাত অসম সন্তান মহৰ্ষি তুহিন কাশ্যপৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ চুটি ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। লগে লগে এই চুটি ছবিখন অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰে।

মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে। এই ছবিখনত জনপ্ৰিয় অভিনেতা অতুল পাচনিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই চুটি ছবিখন এজন ওজাপালি কৰি ফুৰা পালিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে। য’ত পালি গৰাকীয়ে নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ চহৰলৈ লৈ যায়। কিন্তু তেওঁৰ ঘোঁৰাটো প্ৰকৃততে ঘোঁৰা নহয়। এটা গাধহে!

Leave a Reply

Your email address will not be published. Required fields are marked *