গুৱাহাটী,৩ ছেপ্তেম্বৰঃ ৩ ছেপ্তেম্বৰত দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন অভিৰুচি ক্ৰীড়া দিৱসৰ ৷
গুৱাহাটী মহানগৰীৰ চান্দমাৰী উৰণীয়া সেতুৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ সমদল সাজু কৰি উলিওৱা হ’ব আৰু লগতে অনুষ্ঠানত উপস্থিত থাকিব অলিম্পিয়ান দীপা কৰ্মকাৰ।
উল্লেখ্য যে,আজি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰে আৰু ৮ গৰাকী ক্ৰীড়াবিদলৈ অসম চৰকাৰৰ এই ক্ৰীড়া পেঞ্চন আগবঢ়াই লগতে কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ পুৰস্কাৰ ৰূপে ৫০ লাখ টকা আগবঢ়াৱো হৈছে।
তদুপৰি নয়নমণি শইকীয়ালৈ প্ৰদান কৰা হ’ব উপ-আৰক্ষী অধীক্ষক পদৰ নিয়ুক্তি পত্ৰ তথা ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এন.চি.চি কেডেটলৈ প্ৰদান কৰা হ’ব বীৰ চিলাৰায় বঁটা।