ডিজিটেল ডেস্কঃ তামিলনাডুলৈ নিয়া অসমৰ হাতী জয়মালা সন্দৰ্ভত সামাজিক মাধ্যমত ফটো এখন ভুলকৈ প্ৰচাৰিত হৈ আছে এনে এখন ফটো, যি জয়মালাৰ নহয়। বহুতে ভুলকৈ এই ফটোখন জয়মালাৰ বুলি প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। অতি ৰুগ্ন অৱস্থাত থকা ফটোখন আচলতে এটা থাইলেণ্ডৰ হাতীৰহে। নেচনেল জিঅ’গ্ৰাফী ৱেৱ আলোচনীত ২০১৯ চনৰ ২০ জুনত প্ৰকাশিত নাটাচা ডালি নামৰ প্ৰতিবেদকৰ এটা লেখাত এই ফটোখন সন্নিৱিষ্ট কৰা হৈছিল। প্ৰতিবেদনটোত প্ৰকাশ পোৱা অনুসৰি এয়া গ্লুৱে হোম নামৰ এটা চাৰিবছৰীয়া হাতীৰ ফটো। এই ফটোখন তোলা হৈছিল বেংকক ওচৰৰ ছামুট প্ৰকান ক্ৰকোডাইল ফাৰ্ম এণ্ড জুত শিকলিৰে বান্ধি ৰখা অৱস্থাত।
বন্যপ্ৰাণী পৰ্যটন উদ্যোগৰ ওপৰত বাতৰি প্ৰস্তুত কৰি থকা অৱস্থাত নাটাচা ডালিয়ে এই হাতীটো প্ৰত্যক্ষ কৰি হাতীটোক সুস্থ কৰাৰ বাবে বেংকক প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ এই সন্দৰ্ভত লেখা প্ৰতিবেদনখন নেচনেল জিঅ’গ্ৰাফী আলোচনীত প্ৰকাশ কৰে। গতিকে সামাজিক মাধ্যমত প্ৰকাশ পাই থকা হাতীটো অসমৰ জয়মালাৰ বুলি ভুলবশতঃ প্ৰচাৰিত হৈ আছে।