নিউজ ডেস্কঃ ৰাজ্যিক কেবিনেটৰ এক বৃহৎ সিদ্ধান্ত। ৩০ আগষ্টত দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এখন বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে এই সিদ্ধান্ত অনুসৰি ৰাজ্যত অপ্ৰচলিত ৩২৯ খন আইন ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিব। এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে কেশৱ মহন্তই। তেওঁ কয় যে, ” সমাগত বিধানসভা অধিৱেশনত ৩২৯ খন আইন প্ৰত্যাহাৰৰ বাবে বিধেয়ক উত্থাপন হ’ব।
প্ৰত্যাহাৰ কৰিব লগা আইনবোৰ চিনাক্তকৰণৰ বাবে ইতিমধ্যে এক দীঘলীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। সংশ্লিষ্ট প্ৰতিটো বিভাগ আৰু ন্যায় বিভাগৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ পাছত প্ৰত্যাহাৰৰ সিদ্ধান্ত চূড়ান্ত ৰখা হৈছে। আইন চিনাক্তকৰণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। বিধানসভা অধিৱেশনৰ পূৰ্বে ৩২৯ খনৰ সৈতে আৰু আইন যোগ হ’ব পাৰে। প্ৰত্যাহাৰ কৰিব লগা আইনৰ ভিতৰত আছে ভূ-দান আৰু গ্ৰামদান আইন। এই আইন প্ৰত্যাহাৰ কৰিলে ১০,৮৯৭ বিঘা, দুই কঠা মাটি ৰাজ্য চৰকাৰৰ হাতলৈ আহিব।”
উল্লেখ্য যে, বৈঠক খনত কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা লনবল খেলুৱৈ নয়নমণি শইকীয়াক ‘ফৰেষ্ট বেটেলিয়ানৰ উপ-অধিনায়ক অথবা অসম আৰক্ষীৰ উপ-অধীক্ষক পদত নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। খেলুৱৈ গৰাকীয়ে নিজ পছন্দ অনুসৰি যিকোনো এটা পদ ল’ব পাৰিব লগতে তেওঁলৈ ৫০ লাখ টকা আগবঢ়োৱা হ’ব। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহা ৩ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে নয়নমণি শইকীয়াক ৰাজ্য চৰকাৰৰ এই উপহাৰ প্ৰদান কৰা হ’ব।