এগৰাকীৰ পাছত আনগৰাকী অসম কন্যাই এইবাৰ খলকনি তুলিছে সপোনৰ মায়ানগৰীত । চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰা এইগৰাকী অসম কন্যা আন কোনো নহয় অসমৰ মোহময়ী অভিনেত্রী প্রিয়ম পল্লৱী। আলিয়া ভাট হিচাপে খ্যাত চেলেষ্টি বৈৰাগীৰ পাছতে এইবাৰ মায়ানগৰীত খোজ মোহময়ী অভিনেত্রী প্রিয়ম পল্লবী।শেহতীয়াকৈ মুম্বাইত এটা বিশেষ গানত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে প্রিয়ম পল্লৱীয়ে। বলিউডৰ প্রখ্যাত কন্ঠশিল্পী ৰিছা শৰ্মাৰ কন্ঠত এটি ভক্তিমূলক ভিডিঅ’গীতত দেখিবলৈ পোৱা গ’ল অসমৰ মোহময়ী অভিনেত্রী প্রিয়ম পল্লৱীক।
মায়ানগৰীত প্রৱেশ কৰিয়ে সামাজিক মাধ্যমযোগে মনৰ ভাৱ ব্যক্ত কৰি অভিনেত্রীগৰাকীয়ে কয় যে-“আমাৰ সকলোৰে বিশ্বাস সদায় ভাল কাম কৰাৰ আৰম্ভণি গনেশ বাবাৰ নাম লৈ কৰা হয়। সপোনৰ মায়ানগৰীত কাম কৰিবলৈ বৰ হেপাঁহ আছিল।সেয়া মোৰ সৌভাগ্য ঘটিল। বলিউডৰ কৰিঅ’গ্ৰাফাৰ ডেনি ফাৰ্ণাণ্ডেজ পৰিচালিত প্রখ্যাত কন্ঠশিল্পী ৰিছা শৰ্মাৰ এটি ভক্তিমূলক গীতত অভিনয় কৰাৰ সুযোগ পালোঁ। অভিজ্ঞতা যদিও নতুন আছিল তথাপিওঁ মনত থকা উৎসাহ আৰু সাহসেৰে ভালে ভালে কামটো সম্পন্ন কৰি আহিলোঁ”। ইতিমধ্যে শুভমুক্তি লাভ কৰিছে AALA GANESHA নামৰ এই গীতটিয়ে ।