দিল্লীত অনুষ্ঠিত প্রফেচনেল বস্কিং চেম্পিয়নশ্বিপৰ প্রথমখন খেলতে উজ্বলিল অসম সন্তান অভিজিৎ বৰুৱা । বাংলাদেশৰ প্রতিদ্বন্দীৰ বিৰুদ্ধে খেলি প্রফেচনেল বস্কিঙত এই সাফল্য অসম সন্তান অভিজিতৰ । প্রথম ৰাউণ্ডতে বাংলাদেশীৰ প্রতিদ্বন্দীক পৰাস্ত কৰি সফলতা বুটলিবলৈ সক্ষম হয় এইগৰাকী অসম সন্তান। উল্লেখযোগ্য যে, বৰ্তমান সকলোৰে চিনাকী মুখ হৈ পৰা এইগৰাকী অসম সন্তানৰ ঘৰ যোৰহাটত।
যি ২০১১ চনত খালী ভৰিৰে যোৰহাটৰ পৰা শৰাইঘাট দলঙলৈ দৌৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ লগতে ১৯ বাৰকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এইগৰাকীয়ে হৈছে অসম সন্তান অভিজিৎ বৰুৱা । পিছে প্রফেচনেল বস্কিঙত সাফল্য অৰ্জন কৰাৰ পাছতে সংবাদ মাধ্যমৰ জৰিয়তে এনেদৰে মন্তব্য কৰে অসম সন্তান অভিজিৎ বৰুৱাই-“সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ।যিসকলে ফেচবুক,ইনষ্টাগ্ৰামত ইমান মৰম দিছে তেওঁলোকলৈও অশেষ ধন্যবাদ।কাৰণ আগন্তুক সময়ত আৰু বহুতো খেল আছে । আমি আগবাঢ়িব লাগিব।সকলোকে হিয়াভৰা শ্রদ্ধা জনাইছোঁ। কাৰণ আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ একো সম্ভৱ নহয়” ।