নিজ হাতে অংকণ কৰা ছবি মুখ্যমন্ত্রীক উপহাৰ দিলে এইজন যুৱকে

Share
এজন যুৱক । যিয়ে নিজহাতে অংকণ কৰিছিল মুখ্যমন্ত্রীৰ প্রতিচ্ছবি। নিজ হাতে অংকণ কৰা ছবিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি উপহাৰ দিলে এইজন যুৱকে।যুৱশিল্পীজনৰ নাম ভাৰ্জিল কাকতি । ঘৰ টিহুত। পেঞ্চিলেৰে সুন্দৰভাৱে অংকণ কৰা ছবিখনে যেন এই কলাৰ ক্ষেত্রত শিল্পীগৰাকীৰ নিপুণতাৰ প্রমাণ পাইছে।
উপহাৰটি প্রদান কৰাৰ পাছতে উৎফুল্লিত হৈ আনন্দমনে গ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।তদুপৰি ধন্যবাদ জনোৱাৰ লগতে যুৱশিল্পীগৰাকীৰ সফল ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত এইজন যুৱশিল্পী।উল্লেখযোগ্য যে বিভিন্ন বৰেণ্য ব্যক্তিৰ লগতে কেইবাখনো ছবি প্রাণ পাই উঠিছে টিহুৰ ভাৰ্জিল কাকতি নামৰ যুৱশিল্পীজনৰ হাতৰ পৰশত।

Leave a Reply

Your email address will not be published. Required fields are marked *