নিউজ ডেস্ক , ২৯ আগষ্ট : ৰাজ্যত ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ২৮ হাজাৰ পদৰ বিপৰীতে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই নিযুক্তি পৰীক্ষাত।
উল্লেখ্য যে, উক্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক আবেদনৰ সময়ত লোৱা মাচুল ঘূৰাই দিয়া হ’ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। যিসকল পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হ’ব সেই সকল পৰীক্ষাৰ্থীয়ে নিজৰ বেংক একাউণ্টত মাচুল উভতাই পাব।
লক্ষণীয় যে, এমাহৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।