নিউজ ডেস্ক, ২৭ আগষ্ট : ৰাজ্যত জেহাদীয়ে মৌলবাদী কাম – কাজেৰে আৰম্ভ ভয়ংকৰ পৰিকল্পনাক মষিমূৰ কৰি অসম আৰক্ষীয়ে ইজনৰ পাছত সিজনকৈ ইমামৰূপী জেহাদীক গ্ৰেপ্তাৰ কৰাৰ সময়তে আৰক্ষীৰ এই কাৰ্যকলাপক লৈ সৰব হৈ পৰিছে কংগ্ৰেছৰ আন এজন বিধায়ক। জেহাদীৰ নামত গৰু চোৰ, কণী চোৰ, ছাগলী চোৰ ধৰিছে বুলি শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে কৰা মন্তব্যক লৈ শুক্ৰবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাত সৰ্বাধিক জেহাদী গ্ৰেপ্তাৰ হোৱা সময়তে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মন্তব্য আছিল যে, অসম আৰক্ষীয়ে জেহাদীক গ্ৰেপ্তাৰ কৰাটো এটা ফেশ্বনত পৰিণত হৈছে। জেহাদীৰ নামত কণী চোৰ, পকেটমাৰক জেহাদী সজাই গ্ৰেপ্তাৰ কৰিছে। আনহাতে, আব্দুল খালেকেও জেহাদী সম্পৰ্কে মাত মাতি কয় যে, চৰকাৰে নিৰপৰাধী লোকক জেহাদী সজাই গ্ৰেপ্তাৰ কৰাটো বন্ধ কৰক।
গৰু-ছাগলী চোৰ কোৱাসকল বিপদত পৰিব ! জেহাদীয়ে ভিডিঅ’ দি স্বীকাৰ কৰিছে : ড° শৰ্মা
মুখ্যমন্ত্ৰী গৰাকীয়ে সতৰ্কবাণী শুনাই কয় যে, যিসকলে জেহাদীক গৰু চোৰ, ছাগলী চোৰ বুলি কৈছে তেওঁলোক বিপদত পৰিব।
মন কৰিবলগীয়া যে, গোৱালপাৰা আৰু বৰপেটা জিলাত সাধাৰণ ৰাইজে জেহাদী উৎখাতৰ বাবে সংকল্প লৈ আৰক্ষীক সহায়ৰ কথা কৈছে, তেনে সময়তে কংগ্ৰেছী বিধায়ক সাংসদৰ এনে মন্তব্যত স্বাভাৱিকতে বিষয়টোক অধিক লক্ষণীয় হৈ পৰিছে ।
মহানগৰীৰ পশ্চিম বৰাগাওঁত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ হৈ থকা শ্বহীদ স্মাৰক আৰু উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।