মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে ধিং এক্সপ্ৰেছ হিমা দাসে 

Share
ডিজিটেল ডেস্কঃ জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে ধিং এক্সপ্ৰেছ হিমা দাসে। জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে ধিং এক্সপ্ৰেছ হিমা দাসে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি  তেওঁ কিছুদিন পূৰ্বে অংশগ্ৰহণ কৰা কমনৱেলথ গেমছৰ অভিজ্ঞতা মুখ্যমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে। তেওঁ কয় যে বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত মাত্ৰ ৪ মিলি ছেকেণ্ডৰ ব্যৱধানত পৰাস্থ হ’বলগীয়া হৈছিল।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমা দাসক অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ, ২০২৬ বাবে কঠোৰ অনুশীলন কৰিবলৈ হিমাক আহ্বান জনায়। তদুপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অনুদানৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *