নিউজ ডেস্ক , ২৬ আগষ্ট: সাৱধান ! আপুনি বাৰু মাহ – প্ৰসাদ গ্ৰহণ কৰে নেকি ? তেন্তে এতিয়াৰ পৰা সাৱধান হওঁক। নাৰায়ণপুৰৰ পানবাৰীত মাহ – প্ৰসাদত ওলাইছে বিষক্ৰিয়া । ভাদ মাহৰ নামৰ প্ৰসাদ গ্ৰহণ কৰি গাঁওখনৰ প্ৰায় ৬০ গৰাকীকৈ লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । আক্ৰান্ত লোকসকলৰ বমি, পেটৰ বিষ, শৌচ, মূৰৰ বিষ হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা ভৰ্তি কৰোৱা হয়। অৱশ্যে কিছুসংখ্যক লোকে আৰোগ্য লাভ কৰিছে যদিও গৰিষ্ঠ সংখ্যকে সম্প্ৰতি চিকিৎসাধীন হয় আছে।
লক্ষণীয় যে, ৰাজ্যখনত মাহ – প্ৰসাদৰ বিষক্ৰিয়াৰ ফলত চিকিৎসাধীন হোৱা ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বেও এনে বিষক্ৰিয়াৰ ফলত বিভিন্ন সময়ত বহু লোকৰ মৃত্যু পৰ্যন্ত ঘটিছে।