মহিলাগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত পৰিয়ালে হাঁহি হাঁহি উঠিলে ফটো, মানুহে এনেদৰে ব্যক্ত কৰিলে প্রতিক্রিয়া 

Share
সামাজিক মাধ্যমত ভাইৰেল এখন বিশেষ ফটো। অন্ত্যেষ্টিক্রিয়াৰ সময়ত তোলা  এখন ফটো দ্রুতগতিত ভাইৰেল হৈ পৰিছে এতিয়া সামাজিক মাধ্যমত। ঘটনাটো কেৰালাৰ । ছবিখনত দেখিবলৈ পোৱা গৈছে যে পৰিয়ালৰ সদস্যসকলে হাঁহি থকা ফটোখন বন্দী কৰিছে কেমেৰাত । টাইমছ অফ ইণ্ডিয়াৰ মতে , পাঠানথিট্টা জিলাৰ মালাপল্লী গাঁৱৰ।য’ত যোৱা সপ্তাহত ৯৫ বছৰীয়া মাৰিয়াম্মা নামৰ মহিলাগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হৈছিল। ১৭ আগষ্টত মৃত্যু হৈছিল মহিলাগৰাকীৰ। পৰিয়ালৰ কমেও ৪০ জন সদস্যক পাৰিবাৰিক ফটোৰ বাবে অন্ত্যেষ্টিক্রিয়াৰ কফিনৰ ওচৰত একত্রিত হৈ হাঁহি থকা দেখা গৈছে । এই ফটোখনে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ।
টাইমছ অফ ইণ্ডিয়াৰ প্রতিবেদন অনুসৰি , মাৰিয়াম্মাই তেওঁৰ বয়স আৰু  স্বাস্থ্যৰ বাবে এবছৰ ধৰি শয্যাশায়ী হৈ আছিল । যোৱা কেইসপ্তাহমানৰ পৰা তেওঁৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি হ’বলৈ লৈছিল। মাৰিয়াম্মাৰ আছে  ৯ গৰাকী সন্তান আৰু ১৯ গৰাকী নাতি-নাতিনী। কিন্তু তেওঁলোকৰ বেছিভাগেই আছিল ঘৰত। পিছে এই ফটোখনক লৈ তেওঁৰ এজন  আত্মীয়ই কৈছিল যে পৰিয়ালটোৰ উদ্দেশ্য ছবিখন ভাইৰেল কৰা নাছিল। লগতে  আত্মীয়জনে কৈছিল যে মাৰিয়াম্মাই ৯৫ বছৰ সুখ-সন্তোষেৰে বাস কৰিছিল। তেওঁৰ সকলো সন্তানক আৰু নাতি-নাতিনীসকলক মৰম কৰিছিল। ফটোখন তোলা হৈছিল পৰিয়ালটোৱে তেওঁৰ সৈতে কটোৱা মুহুৰ্তবোৰ মনত পেলাবলৈ। অন্ত্যেষ্টিক্রিয়াৰ প্রাৰ্থনাৰ পাছতে শুক্রবাৰে আবেলি প্রায় ২.১৫ বজাত তোলা হৈছিল এই ফটোখন ।

Leave a Reply

Your email address will not be published. Required fields are marked *