বলিউডৰ জনপ্রিয় গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ ছবি ‘যোগী’ । ইতিমধ্যে টিজাৰ মুকলি হৈছে ছবিখনৰ ।চলচ্চিত্রখনত ১৯৮৪ চনৰ দিল্লীৰ প্রতিবাদৰ কাহিনী আৰু ইয়াত তেওঁলোকৰ প্রিয়জনক হেৰুওৱা পৰিয়ালবোৰৰ কৰুণ গাথাঁৰ ওপৰত নিৰ্মিত এখন ছবি । টিজাৰটো দেখি হয়তো আপুনিও হৈ পৰিব আবেগিক । আলী আব্বাছ জাফৰৰ ছবি ‘যোগী ‘ নামৰ ছবিখনে ১৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব নেটফ্লিকচত ।
মুকলি হোৱা টিজাৰটোৰ আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে যোগীয়ে আইনাত নিজকে চাই হাঁহি থকা, তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতি থকা ,ধেমালি কৰি থকা দেখিবলৈ পোৱা গৈছে । কিন্তু তাৰ পাছতে চহৰখনত প্রতিবাদ আৰম্ভ হয় ।তেতিয়াই যোগী আৰু তেওঁৰ পৰিয়ালক এক নিৰাশাজনক অৱস্থাত তেওঁক পৰিয়ালৰ সৈতৈ তেওঁলোকৰ জীবন বচাবলৈ দৌৰি থকা দেখা গৈছে । যোগীক কোৱা গৈছে যে গোটেই দিল্লী জ্বলিবলৈ গৈ আছে । এনে পৰিস্থিতিত , তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে পঞ্জাৱলৈ যোৱা উচিত । কিন্তু ইয়াৰ প্রত্যুত্তৰত যোগীয়ে কয় যে সকলোবোৰ তেওঁৰ পৰিয়াল । ক’লৈকো যাব নোৱাৰে তেওঁ ।