কেবিনেটৰ সিদ্ধান্ত: মেডিকেল কলেজৰ অধ্যাপকৰ অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধি

Share

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে অসম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকসকলৰ অৱসৰপ্ৰাপ্তিসকলৰ বয়স। জানিব পৰা মতে, এই বয়স ৭০ বছৰলৈ বৃদ্ধি কৰা হৈছে।চৰকাৰে জাৰি কৰা এক তথ্য অনুসৰি শৈক্ষিক আৰু চিকিৎসা সেৱাৰ বাবে অভিজ্ঞ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সকলৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হ’ব।

মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে, `যদিও চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৰাজ্যত বৃদ্ধি হৈছে তথাপিও অভিজ্ঞ চিকিৎসকৰ সংখ্যা নিচেই কম। এই অভাৱ পুৰণ কৰিবলৈ চিকিৎসকসকল , যি কৰ্মৰত নিজ চিকিৎসা মহাবিদ্যালয়ৰ অনুষদ সদস্যও হয় তেওঁলোকৰ অৱসৰৰ বয়স চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি কৰা হৈছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *