ডিজিটেল ডেস্কঃ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা নকৰিবলৈ বুধবাৰে ন্যায়াধীশ জয়ৰাম ভগৱানীয়ে সকিয়নি দিয়ে বাবা ৰামদেৱক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ক’ভিডত আক্ৰান্ত হোৱাৰ কাৰণৰ সন্দৰ্ভত মন্তব্য কৰি বাবা ৰামদেৱে উল্লেখ কৰিছিল যে এয়া চিকিৎসা বিজ্ঞানৰ বিফলতা। এল’পেথিকৰ বিপক্ষে মন্তব্য কৰা বাবা ৰামদেৱৰ ওপৰত এল’পেথিক চিকিৎসক সকলৰ সংঘবদ্ধ সংগঠনে গোচৰ দিছিল । ৰামদেৱৰ এই মন্তব্যৰ পিছতে উচ্চ ন্যায়ালয়ে বাবা ৰামদেৱলৈ সকিয়নি প্ৰদান কৰে, “এই সংক্ৰান্তত নজনাকৈ আনুষ্ঠানিক ভাৱে মন্তব্য আগনবঢ়াব লগতে মানুহক বিপথে পৰিচালিত নকৰিব।”
উল্লেখ্য যে, ৰামদেৱৰ মন্তব্যই দুটা বিষয়ত নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথা চিন্তা ভাৱত উল্লেখ কৰে। প্ৰথমে, আয়ুৰ্বেদ হল ভাৰতৰ প্ৰাচীন চিকিৎসা পদ্ধতি।বাবা ৰামদেৱৰ এনেধৰণৰ মন্তব্যই আয়ুৰ্বেদক বদনাম কৰাৰ দিশে গতি কৰিব পাৰে
আৰু দ্বিতীয়তে, বাবা ৰামদেৱৰ এনে মন্তব্যই বৈদেশিক ৰাষ্ট্ৰখনৰ সৈতে থকা সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।