পুনৰ জব্দ কৰা হৈছে ড্ৰাগছ

Share

নিউজ ডেস্কঃ এইবাৰ বোকাখাটত জব্দ কৰা হৈছে ড্ৰাগছ। প্ৰায় ১৩ গ্ৰাম হেৰোইন সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় বোকাখাট আৰক্ষী। আটক হোৱা যুৱক জনৰ নাম গৌতম বাঢ়ৈ বুলি জানিব পৰা যায়। ধৃত যুৱক জনৰ ঘৰ নুমলীগড়ত। বৃহস্পতিবাৰে বোকাখাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যুৱক জনক।

উল্লেখ্য যে, গোলাঘাটৰ ৰহাযানৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ সহ ধৃত যুৱক জনক আটক কৰা হয়। বৰ্তমান বোকাখাট আৰক্ষীয়ে যুৱক জনক সোধপোচ অব্যাহত ৰাখিছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *