৭৬সংখ্যক স্বাধীনতা দিৱস । দেশে উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৭৬ সংখ্যক স্বাধীনতা দিৱস । সমান্তৰালকৈ অসমতো পালন কৰা হয় এই ৭৬ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে খানাপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱস পালনৰ সময়ছোৱাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ঘোষণা কৰাৰ লগতে ভিন্ন ক্ষেত্ৰত দাঙি ধৰিলে মন্তব্য ।
পিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক বাৰ্তা দিয়াৰ লগতে আলফা স্বাধীন সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে, মই নিশ্চিতভাৱে বিশ্বাস কৰো যে যিসকলে স্বাধীন অসমৰ কল্পনা কৰে যোৱা তিনিদিনত অসমবাসী ৰাইজে প্ৰমাণ কৰি দিলে যে ত্ৰিৰংগা পতাকা আমাৰ বুকুৰ আপোন । এই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে অপৰিৱৰ্তিত আৰু ইয়াৰ পৰা আমি কেতিয়াও আঁতৰি নাযাও ।মই ভাবো যে যিসকলে স্বাধীন অসমৰ পৰিকল্পনা কৰে, সপোন দেখে, যোৱা দিনিদিন তেওঁলোকৰ বাবে ডাঙৰ শিক্ষা আছিল ।মই ভাবো যে তেওঁলোকে আলাপ-আলোচনাৰ মনমঞ্চলৈ উভতি আহিব । মৰ্যদা আৰু স্বাভিমানৰ ভিত্তিত আমি তেখেতসকলৰ লগত আলোচনা কৰি ভাৰতৰ ভিতৰতে অসমখনক এক শ্ৰেষ্ঠ ৰাজ্যলৈ পৰিগণিত কৰিম ।