ডিজিটেল ডেস্কঃ এতিয়ালৈ ১৬ কোটি টকাৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী। আত্মসহায়ক গোটৰ ১২ কোটি ৪৭ লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী। সুলভ মূল্য দোকানৰ জৰিয়তে এতিয়ালৈ ৩ কোটি ৬০ লাখ পতাকা বিক্ৰী। মুকলি, বজাৰ, ব্যক্তিগত প্ৰতিষ্ঠান বজাৰ, ফুটপাথ আৰু ব্যক্তিগত প্ৰতিষ্ঠানত অধিক সংখ্যক বিক্ৰী হৈছে। আজাদী কা অমৃত মহোৎসৱত ৰাজ্য চৰকাৰে আহ্বান জনায় ‘ হৰ ঘৰ ত্ৰিৰংগা’ ৰ প্ৰতি অসমৰ ৰাইজে বিপুল সঁহাৰি ফলত এতিয়ালৈ অসমত ১৬.০৭ কোটিতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী।
দেশে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত ৰাজ্য চৰকাৰে ঘৰে ঘৰে, বে-চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, দোকান, মন্দিৰ, মছজিদ আদি ৮০ লাখৰো অধিক ৰাষ্ট্ৰীয় উত্তোলনৰ আহ্বান জনাইছে। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে সুদীৰ্ঘ ৭ বছৰৰ মূৰত ১৫ আগষ্টৰ দিনটোত বন্ধ ঘোষণা কৰিছে যদিও চৰকাৰে জনোৱা ‘ হৰ ঘৰ ত্ৰিৰংগা’ অভিযান প্ৰতি ৰাইজে যে ব্যাপক সঁহাৰি দিব সেই কথা লাখ লাখ মহিলাৰ জৰিয়তে প্ৰস্তুত কৰা ১৬ কোটিৰো অধিক টকাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হোৱা কাৰ্যই স্পষ্ট কৰি তুলিছে।