নিউজ ডেস্কঃ আগষ্টত নিবনুৱাক দিব ১২ হাজাৰ চাকৰি। আগষ্টৰ পৰা বিভিন্ন বিভাগৰ তৃতীয়- চতুৰ্থবৰ্গৰ ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা । আগষ্টৰ পৰা মাইক্ৰ’ ফাইনেঞ্চৰ দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই । যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিসমূহৰ অন্যতম আছিল এক লাখ যুৱক- যুৱতীৰ নিযুক্তি দিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ খনে এবছৰ পূৰ্ণ হোৱাৰ মুহূৰ্ততে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে সম্পূৰ্ণ মেধাৰ ভিত্তিত ৩০ হাজাৰ যুৱক- যুৱতীৰ নিযুক্তি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিনটোৰ পৰাই চৰকাৰ খনে অতি আন্তৰিকতাৰে সেই প্ৰতিশ্ৰুতি ৰূপায়ণৰ বাবে দায়বদ্ধতাৰে কৰ্মক্ষেত্ৰত অগ্ৰসৰ হয়।
এইফালে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ আন এক প্ৰতিশ্ৰুতি আছিল মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই। বৰ্তমান চৰকাৰ খনে প্ৰথম পৰ্যায়ৰ ঋণ ৰেহাই সম্পূৰ্ণ কৰে। এতিয়া আগষ্ট মাহত মাইক্ৰ’ ফাইনেঞ্চৰ দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে।