ডিজিটেল ডেস্কঃভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক তেখেতৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম গামোচাৰে অভিনন্দন জনায় আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ হৈ আন্তৰিক অভিনন্দন জনায় নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক।ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতিগৰাকীক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমাৰ মহান ৰাষ্ট্ৰখনৰ শীৰ্ষ পদবীলৈ প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় লোক নিৰ্বাচিত হোৱাৰ বাবে এই মুহুৰ্তত দেশবাসীয়ে অতিকৈ গৌৰব অনুভৱ কৰিছে ।তেখেতৰ আগন্তুক কাৰ্যকাল সাফল্যমণ্ডিত হওঁক বুলি শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে।
লগতে জীৱনৰ বহু ঘাত-প্ৰতিঘাত লেওচি দেশপ্ৰেম আৰু একাগ্ৰতাৰে দ্ৰোপদী মুৰ্মুয়ে যিদৰে দেশমাতৃৰ সেৱাত নিজকে নিমজ্জিত কৰি তুলিছে সেইবাবে তেখেতৰ এই কঠিন জীৱন-যাত্ৰা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণা হওঁক বুলি মন্তব্য কৰে কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।