মৃত্যুৰ যুঁজখনত মইনা নায়ক ! চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হৈছিল নেকি চাহ শ্ৰমিক মহিলা  মইনা নায়ক ? চাহ বাগিচাৰ কৰ্তৃপক্ষ  তথা মন্ত্ৰী-বিধায়কসকলকলৈও  অভিযোগ উথাপন বিভিন্নজনৰ

Share

হাস্পতালৰ বিচনাখনত জীৱন-মৃত্যুৰে খেলা কৰা মৃত্যু নামৰ  যুঁজখনত মইনা নায়ক নামৰ মহিলা চাহ শ্ৰমিকগৰাকী । সেইদিনা আছিল ১৯ জুলাই । ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক হিচাপে কৰ্মৰত মইনা নায়কৰ চি টি চি মেচিনৰ তলত হাত সোমাই পৰাত চকু, নাক, আৰু মূৰত গুৰুতৰভাৱে আহত হৈছিল মইনা নায়ক । প্ৰকৃততে চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি একাংশই  উথাপন কৰিছে অভিযোগ । কিয়নো, চাহ-বাগিচাৰ নিয়ম-কানুন অনুসৰি , মহিলা  শ্ৰমিক চিটিচি মেচিনৰ ওচৰত কাম কৰিব নোৱাৰে । কিন্তু তাৰ পাছতো চিটিচি মেচিনৰ ওচৰত চাফাই  কাম কৰিবলৈ পঠোৱা হৈছিল মইনা নায়কক ।

        ইতিমধ্যে  , মইনা নায়কৰ চিকিৎসা  সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাখনে অৱহেলা কৰা বুলি অভিযোগ উথাপন কৰা  পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত । কিয়নো মূৰৰ এফাল এৰি যোৱাৰ পিছত সংকটজনক অৱস্থাতো এখন মাত্ৰ সাধাৰণ এম্বুলেঞ্চেৰে GMCH লৈ অনা কাৰ্যকো গৰিহণা দিছে একাংশই । বহুতে প্ৰশ্নও উথাপন কৰিছে যে  – ‘ ক’ত গ’ল চাহ বাগিচাৰ বিধায়ক-মন্ত্ৰীসকল ?’ কোনোবাখিনিত অৱহেলিত হৈ ৰ’ল নেকি মইনা নায়ক। সামাজিক মাধ্যমত ইয়াকে লৈ বিভিন্নজনৰ মন্তব্য তথা প্ৰতিক্ৰিয়া । সম্প্ৰতি, বৰ্তমান GMCH ত চিকিৎসাধীন মইনা নায়ক । তদুপৰি, মইনা নায়কৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাইছে চাহ বাগিচা কৰ্তৃপক্ষক । পিছে এই পৰ্যন্ত , চাহ বাগিচাৰ কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী বিধায়কসকলৰ নাই কোনোধৰণৰ প্ৰতিক্ৰিয়া তথা পদক্ষেপ । 

Leave a Reply

Your email address will not be published. Required fields are marked *