‘মেথিগুটি নহয় , এইবাৰ বান্দৰ কেকোৱা গুড়ি খুৱাওঁক’ ! অশালীন মন্তব্যৰে নাৰীৰোষত পৰি গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক

Share

কেতিয়াবা যদি মেথিগুটিৰ বিধান !

কেতিয়াবা গো-মূত্ৰ খুওৱাৰ বিধান,আন কেতিয়াবা আকৌ বান্দৰ কেকোৱা গুড়ি খুওৱাৰো বিধান !  মুঠতে  এশ একুৰি সমস্যাৰ বিধানৰ সমিধান দিয়াগৰাকীয়ে হৈছে স্বয়ম্ভূ আচাৰ্য  পংকজ পাঠক ।পিছে এইবাৰ ব্যতিক্ৰমী বিধানেৰে নাৰী সমাজৰ ৰোষত পৰিল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক ।সাধাৰণতে এই বিশেষ বিধানটি খুবেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । বিশেষকৈ প্ৰভাৱ পৰিছে নাৰীসমাজৰ মাজত । যাৰ বাবে  পংকজ পাঠকৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে নাৰীসমাজ।Reels বনোৱা মহিলাসকল আৰু এগৰাকী মহিলা  সাংবাদিকক অশালীন তথা অপমানসূচক মন্তব্য কৰাক লৈ সামাজিক মাধ্যমৰ লগতে নাৰী সমাজৰ মাজত  তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

তাৰ পাছতে ,  নাৰী সমাজে পংকজ পাঠকৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ ।আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষী বিষয়া ততপৰ হৈ হাউলীৰ পৰা হাউলী আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰে পংকজ পাঠকক । ইতিমধ্যে,  হাউলীৰ পৰা গুৱাহাটী হাতীগাওঁ আৰক্ষী থানালৈ লৈ অনা হ’ল পংকজ পাঠকক ।জেৰা কৰা হ’ব হাতীগাওঁ আৰক্ষী থানাত ।পূৰ্বতেও কেইবাটাও ঘটনাক লৈ বিতৰ্কিত হৈছিল পংকজ পাঠক ।পিছে এইবাৰ নাৰী সমাজক লৈ কৰা মন্তব্যৰ পাছতে অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল এশ একুৰি সমস্যাৰ দিহা পৰামৰ্শ দিয়া স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক ।

Leave a Reply

Your email address will not be published. Required fields are marked *