বিদ্যালয়ত শিশুসকলৰ কৰোৱা নাই  নামভৰ্তি !  দূ্ৰ্বৃত্তই আহি অধ্যক্ষৰ ওপৰতে  চলালে লাঠিচালনা

Share

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’  ক্লিপ ! প্ৰকৃতেত কি হৈছিল ভাইৰেল ভিডিঅ’টিত ।ৰাজস্থানৰ ভৰতপুৰৰ এখন চৰকাৰী বিদ্যালয়ত শিশুসকলক নামভৰ্তি নকৰাটো অধ্যক্ষৰ ওপৰত এক বোজা হৈ পৰিছিল । যাৰ বাবে দুবৃৰ্ত্তই আহি বিদ্যালয়ৰ  অধ্যক্ষগৰাকীৰ ওপৰতে আৰম্ভ কৰিলে লাঠিচালনা  । তাৰ পাছতে দুৰ্বৃত্তই দলটোৱে তাৰ পৰা পলায়ন কৰে ।ঘটনাটো ১৬ জুলাইৰ । দুৰ্বৃত্তৰ এনে অমানৱীয় আক্ৰমণত ৰাম কুমাৰ শৰ্মা নামৰ অধ্যক্ষগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ।তদুপৰি , ভাইৰেল ভিডিঅ”টোত , এইটো স্পষ্টভাৱে দেখা পোৱা গৈছিল যে কেনেদৰে কিছুমান দুৰ্বৃত্তই আহি জোং-লাঠিৰে বিদ্যালয়ত প্ৰৱেশ কৰিছিল আৰু অধ্যক্ষগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । 

আনহাতে , আঘাতপ্ৰাপ্ত অধ্যক্ষগৰাকীক বৰ্তমান জিলা চিকিৎসালয়ত  চিকিৎসাধীন অৱস্থাত ।ইতিমধ্যে , তেওঁক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে থানাত অধ্যক্ষগৰাকীয়ে  ৰুজু কৰিছে গোচৰ । যাৰ পাছতে তৎপৰ হৈ পৰিছে আৰক্ষী বিষয়া । তথ্য অনুসৰি , অধ্যক্ষগৰাকীয়ে বিদ্যালয়ৰ কিছুমান শিশুক নামভৰ্তি কৰোৱা নাছিল । একে সময়তে , বিদ্যালয়ত অধ্যয়ণ কৰি থকা কিছুমান শিশুক অধ্যয়ণৰ বাবে অংগণবাড়ী কেন্দ্ৰলৈ পঠাইছিল । আৰু এইবাবে গাঁৱৰ একাংশই ক্ষুব্ধ হৈ অধ্যক্ষগৰাকীৰ ওপৰত প্ৰহাৰ কৰে । আৰু এই  সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে , -‘বিদ্যালয়খনৰ আসনসমূহ পূৰ্ণ আছিল , যাৰ বাবে শিশুসকলক নামভৰ্তি কৰাতো সম্ভৱ নাছিল । আৰু তেওঁলোকে এই সামান্যকণ কথাৰ বাবে মোৰ ওপৰত এনেদৰে আক্ৰমণ  কৰিলে’ ।    

Leave a Reply

Your email address will not be published. Required fields are marked *