গুৱাহাটীঃপুনৰ বৰ্ষাশ্ৰীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম আৰক্ষী সঞ্চালকপ্ৰধান ভস্কৰজ্য়োতি মহন্তই। ডিজিপি ভাস্কৰজ্য়োতি মহন্তই কয় যে শীঘ্ৰেই মুক্তি পাব বৰ্ষাশ্ৰী বুঢ়াগোঁহায়ে।আৰু বৰ্ষাশ্ৰীয়ে কবিতা লিখাৰ বাবে নহয় স্বাধীন অসম বুলি টেগ লাইন ব্য়বহাৰ কৰাৰ বাবে তাই কাৰাগাৰত আছে বুলি প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। লগতে তেওঁ কয় যে বৰ্ষাশ্ৰী এজনী সৰু ছোৱালী ,তাইৰ সৈতে আমি অভিভাৱকৰ ভূমিকা পালন কৰিছো।তাই আলফাত নোযোৱাৰ নিশ্চয়তা দিলে তাইক মুকলি কৰাত অসম আৰক্ষীয়ে সহায় কৰিব বুলি সংবাদ মাধ্য়মৰ আগত এই কথা সদৰি কৰে ভাস্কৰজ্যোতি মহন্তই।
লগতে আলফালৈ যাব বিছৰা একাংশ যুৱক যুৱতীক কাউন্সেলিঙৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে প্ৰেপ্তাৰ কৰাৰ ব্য়ৱস্থা কৰা হৈছে বুলি ঘোষণা কৰে ডিজিপি গৰাকীয়ে।