ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় । গুৱাহাটী বিশ্ববিদ্যালয় এটি কেৱল নাম নহয় । ই বহু ছাত্ৰ-ছাত্ৰীৰ এক আৱেগ । স্বপ্নময় এখন শৈক্ষিক প্ৰতিষ্ঠান । ভিন্ন ঠাইৰ পৰা এতিয়াও সপোনমুখী যাত্ৰাৰে অধ্যয়ণৰ বাবে ঢাপলি মেলে গুৱাহাটী বিশ্ববিদ্যালয়লৈ । গৌৰৱোজ্জ্বল অধ্যায়েৰে আগবঢ়া গুৱাহাটী বিশ্ববিদ্যালয়ে , আজি ঘোষণা কৰা ২০২২ বৰ্ষৰ (National Institute Ranking Framework) সৰ্বভাৰতীয় পৰ্যায়ত শৈক্ষিক সমীক্ষাৰ তালিকাত দেশৰ ভিতৰত শ্ৰেষ্ঠ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ তম স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ।
আনফালে সৰ্বভাৰতীয় শৈক্ষিক সমীক্ষাৰ ভিতৰত ৫৯ তম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়ে । তদুপৰি , ২০২১ বৰ্ষৰ শৈক্ষিক সমীক্ষাৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান আছিল ৪৫ তম । আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে সফলতাত আনন্দত উৎফুল্লিত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকল । ক্রমাৎ যেন গৌৰৱোজ্জ্বল অধ্যায়ৰ দৌৰত গুৱাহাটী বিশ্ববিদ্যালয় !