২৫ জুলাইত অনুস্থিত কৰা হব মেট্ৰিকৰ কম্পাৰ্টমেন্টেল পৰীক্ষা

Share

নিউজ ডেস্ক,১২ জুলাইঃ অনুস্থিত হব  মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ কম্পাৰ্টমেন্টল পৰীক্ষা ।চলিত মাহৰ ২৫ তাৰিখৰ পৰা অনুস্থিত হব এই পৰীক্ষাসমূহ।অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে এই কথা। অহা ২৫ জুলাইৰ পৰা অনুস্থিত হবলগীয়া পৰীক্ষাৰ সময়সূচী নিশ্চিত কৰে বুলি অৱগত কৰে অসম মাধ্যমিক শিক্ষা পৰিষদে।জানিব পৰা অনুসৰি এই কম্পাৰ্টমেন্টেল পৰীক্ষা চলিত মাহৰ ২৫ জুলাইৰ পৰা ৩০ জুলাই লৈকে  অনুস্থিত কৰা হব।

উল্লেখ্য যে যোৱা ৯ জুনত পৰিষদৰ এক বৈঠকত এই পৰীক্ষাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কম্পাৰ্টমেন্টেল পৰীক্ষাত পৰীক্ষাৰ্থীসকলে ফেইল কৰা বিষয় কেইটাত ৩০ শতাংশ আৰু মুঠ নম্বৰ ১৮০ লাভ কৰিলেহে উত্তীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব পাৰিব। এই পৰীক্ষাত উত্তীৰ্ণ হলে উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিব পাৰিব বুলি অৱগত কৰে মাধ্যমিক শিক্ষা পৰিষদে। 

Leave a Reply

Your email address will not be published. Required fields are marked *